NEFT, RTGS, IMPS, UPI WHICH IS THE BEST !!!, NEFT, RTGS, IMPS, UPI ৰ কোন টো ভাল !!! - আমাৰ Post সমুহ

NEFT, RTGS, IMPS, UPI WHICH IS THE BEST !!!, NEFT, RTGS, IMPS, UPI ৰ কোন টো ভাল !!!

12:12 PM
নমস্কাৰ বন্ধু সকল,

       আজি মই আপোনালোকৰ বাবে লৈ আহিছো Digital india ৰ বহু চৰ্চিত বিষয় Digital Transaction
       টকা পইচা আদান প্ৰদান ৰ বাবে বৰ্তমানৰ আধুনিক যুগত বহুল ভাৱে প্ৰচলিত প্ৰক্ৰিয়া টো এ হল Digital transaction ব্যৱস্থা। ইয়াৰ জৰিয়তে টকা পইচাৰ আদান প্ৰদান হৈ পৰিছে বহুত সহজ আৰু সুৰক্ষিত।


ONLINE DIFFERENT TRANSCRIPTION
ONLINE TRANSACTION

 ইয়াৰ জৰিয়তে কেইটা মান মুহূৰ্ততে আমি এজনৰ পৰা আন এজনলৈ টকা পইচা নিৰাপদে পঠাব পাৰো । বৰ্তমান বহুল ভাৱে চলা কেইটা মান Digital transaction হল NEFT, RTGS, IMPS, UPI এইবোৰ ৰ বিষয়ে তলত আলোচনা কৰা হল 

     ★★NEFT Way:The National Electronic Fund Transfer (NEFT):
NEFT-RTGS TRANSACTION 

         এটা বহুলভাৱে প্ৰচলিত অনলাইন(Online) টকা পইচাৰ লেন দেনৰ মাধ্যম। ইয়াৰ সহায়ত এটা বেংক একাউণ্টৰ পৰা আন এটা বেংক একাউন্টলৈ টকা পইচাৰ লেন দেন কৰিব পাৰি। এই পদ্ধতিটো(NEFT) deferred settlement basis ত ভিত্তি কৰি বনোৱা হৈছে। ইয়াৰ মানে হল পইচাবোৰ একো একোটা বৰ্গত দিয়া হয় মানে ভাগ ভাগ কৰি। বৰ্তমানলৈ 6টা বৰ্গ শনিবাৰে ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 1 বজালৈ আৰু শনিবাৰৰ বাহিৰে অইন বাৰত 12 টা বৰ্গ ৰাতিপুৱা 8 বজাৰ পৰা সন্ধিয়া 7 বজালৈ আছে।

        ইয়াত কিমান পইছা লেন দেন কৰিব পাৰি তাৰ কোনো মূল্য নিৰ্ধাৰণ কৰা নাই। কিন্তু কিছুমান বেংকে ইয়াৰ ক্ষেত্ৰত নিৰ্দিষ্ট মূল্য নিৰ্ধাৰণ কৰি দিছে। যেনে : State Bank of India (SBI) ৰ নিৰ্ধাৰিত মূল্য হল 10 লাখ।

◆Process:
1/আপোনাৰ বেংকৰ শাখাত NEFT থাকিব লাগিব। ইয়াৰ বাবে আপোনালোকে Reserve Bank of India(RBI) official website টো চাব পাৰে।
2/ইয়াৰ পিছত আপোনাৰ net banking log in ID আৰু Password লাগিব। তাৰপাছত আপোনাৰ মোবাইল নম্বৰ বেংকৰ লগত ৰেজিষ্টাৰ কৰিব লাগিব।
3/ইয়াৰ পিছত আপুনি যাৰ তাত পইচা transfer কৰিব খুজিছে তেখেতৰ details add কৰিব লাগিব। যেনে : তেখেতৰ নাম, তেখেতৰ বেংকৰ একাউণ্ট নম্বৰ আৰু 11 টা সংখ্যাৰ IFS code (IFSC) টো enter কৰিব লাগিব।
IFSC টো আপোনালোকে বেংকৰ বহীৰ প্ৰথম পৃষ্ঠাতে পাব।
4/এই সকলোবোৰ add কৰাৰ পাছত আৰু পইচা transfer কৰাৰ আগমূহুৰ্তত অলপ সময় ৰব লগা হব পাৰে। যেনে : ICICI bank ৰ ক্ষেত্ৰত আপুনি এই সকলোবোৰ কৰাৰ পাছত আধা ঘণ্টা পিছত হে পইচা transfer কৰিব পাৰিব। SBI ৰ ক্ষেত্ৰত আপুনি 4 ঘণ্টা ৰখিব লাগিব।
5/ইয়াৰ পিছত আপুনি আপোনাৰ net banking accountlog in কৰক আৰু 'transfer fund' select কৰক। ইয়াৰ পিছত beneficiary select কৰক(এটা বা ততোধিক) আৰু আপোনাৰ মোবাইলত অহা OTP(One Time Password) তো enter কৰি পইছা transfer কৰক।
6/ইয়াৰ পিছত পইচা খিনি আপুনি যাক দিছে তেখেতে পাই যাব। 

◆The Cost Factor:
Service tax আৰু আপোনাৰ amount তোৰ ওপৰত ভিত্তি কৰি বেংকে এটা নিৰ্দিষ্ট tax লগায়। এইটো 2.50 টকাৰ পৰা 25 টকা পৰ্যন্ত হব পাৰে। 

◆Limitations:
NEFT ত আপুনি যেতিয়াই বিচাৰে তেতিয়াই পইচা Transfer বা লেন দেন কৰিব নোৱাৰিব। Development Credit Bank (DCB) ৰ প্ৰমুখ্যে Praveen Kutty য়ে ইয়াৰ ক্ষেত্ৰত কৈছে যে "অাপুনি পঠিওৱা পইচা খিনি immediately Transfer নহব ও পাৰে। এইটো সুবিধা যিদিনা বেংক খোলা থাকে সিদিনা হে প্ৰযোজ্য, যিদিনা বেংক বন্ধ হয় সেইদিনা আপুনি NEFT ৰ সুবিধা খিনি নাপাব।

    ★★ RTGS (The Real time Gross settlement):
                    RTGS পদ্ধতিটোৰ সহায়ত high value transaction কৰিব পাৰি। ইয়াৰ minimum amount তো হল 2 লাখ।এইটো পদ্ধতিত পইচা transfer হওতে 30 মিনিট সময় লাগে।RTGS শনিবাৰে 9 am ৰ পৰা 2 pm লৈ আৰু অইন বাৰে 9 am ৰ পৰা 4.30 pm লৈ খোলা থাকে।

◆The Process :
আপুনি এইটোত নিশ্চিত হব লাগিব যে আপোনাৰ আৰু baenificiary জনৰ দুয়োটাৰে RTGS আছে। বাকী খিনি Process NEFT ৰ লগত একে।

◆The Cost Factor :
RTGS য়ে NEFT ত কৈ বেছি charge লয়। এইটো বেংকে অনুসৰি বেলেগ বেলেগ হব পাৰে কিন্তু 2 ৰ পৰা 5 লাখৰ ভিতৰত 30 টকাতকৈ বেছি আৰু 5 লাখৰ বেছি transactions বোৰত 55 টকাতকৈ বেছি হব নোৱাৰিব।

◆The Limitations :
দুয়োজন মানুহৰে নিজৰ নিজৰ বেংকত RTGS থাকিব লাগিব। সকলো বেংকে এই সুবিধাটো প্ৰদান নকৰে। কোনবোৰ বেংকে RTGS সুবিধাটো প্ৰদান কৰে সেইতো চাবলৈ আপুনি RBI (Reserve Bank of India) ৰ official website তো চাব পাৰে। অাপুনি ৰবিবাৰ(Sunday) বা অইন বন্ধ বাৰত এই সুবিধাটো গ্ৰহণ কৰিব নোৱাৰিব।

      ★★The Immediate Service, IMPS    (Immediate Payment Service): 


DIGITAL INDIA ONLINE
IMPS TRANSACTION

                   
  হল এটা অতি কম সময়ৰ ভিতৰত পইচা transfer কৰাৰ এটা মাধ্যম। অাপুনি এইটো বছৰৰ যিকোনো সময়তে(365 দিনত) (24×7) ব্যৱহাৰ কৰিব পাৰে। সেই 2010 চনত এইটো National Payments Corporation of India ৰ দ্বাৰা launch কৰা হৈছিল। NEFT আৰু RTGS ৰ দৰে এইটো ও মোবাইলৰ সহায়ত Internet banking ৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
                     যদি আপোনাৰ net banking সুবিধা সমূহ আছে তেতিয়াহলে IMPS ৰ বাবে বেলেগকৈ register কৰাৰ প্ৰয়োজন নাই। এবাৰ transaction কৰাৰ পিছত আপোনাক NEFT, RTGS, IMPS অাদি বিভিন্ন ধৰণৰ option দিয়া হয়। অাপুনি ইয়াত IMPS তো select কৰিব পাৰে।
                   Internet banking ৰ সহায়ত IMPS ব্যৱহাৰ কৰোতে আপুনি beneficiary জনৰ বেংক একাউন্ট নম্বৰ আৰু IFS code(ISFC) তো দিব লাগিব। যদি আপুনি মোবাইলৰ সহায়ত এইটো transaction কৰিব খুজিছে তেতিয়াহলে beneficiary জনৰ একাউণ্ট নম্বৰ আৰু MMID (Mobile Money Identifier) code যিটো সাত টা নম্বৰেৰে গঠিত(7 digit) নম্বৰ তো জানিব লাগিব।


◆The Charges :
বেংকে ইয়াৰ ক্ষেত্ৰত নিৰ্দিষ্ট charge নিৰ্ধাৰণ কৰি দিছে। সাধাৰণতে 1 লাখ টকা বা তাতকৈ কমৰ transaction ত 5 টকা আৰু 1-2 লাখ টকাত 15 টকা লোৱা হয়। ইয়াৰ উপৰিও Service Tax ও লোৱা হয়।


◆The Limitations :
Internet banking ৰ সহায়ত অাপুনি maximum ২ লাখলৈ transaction কৰিব পাৰে।
       ★★UPI (Unified Payments Interface):


MONEY ONLINE
UPI TRANSACTION


        UPI হল এটা জনপ্ৰিয় পইচা transactions ৰ মাধ্যম। আপোনাৰ যিকোনো smart phone ত UPI থকা(enable) apps বোৰে পইচা transactions ত সহায় কৰে through VPA (Virtual Payment Address)।ইয়াৰ প্ৰধান উদ্দেশ্যতো হল লেন দেন এটা কম সময়তে complete কৰা। এই transaction বোৰ 24×7 সকলো সময়তে কৰিব পাৰি। ইয়াৰ মুখ্য আকৰ্ষণতো হল আপুনি ইয়াত কোনো ধৰণৰ personal details বা বেংক একাউন্টৰ নম্বৰ অথবা credit/debit card ৰ নম্বৰ share কৰিব নালাগে। UPI থকা apps বোৰে আপোনাক ১ লাখলৈ পইচা transaction কৰাৰ সুবিধা দিয়ে।


⚫Steps to use UPI :
➡️UPI থকা bank app এটা Download কৰক বা আপোনাৰ আগৰ bank app তো UPI enable হবলৈ update কৰক।
➡️আপোনাৰ Bank details ৰ সহায়ত ইয়াত log in কৰক।
➡️Email বা VPA (Virtual Payment Address) এটা বনাওক।
➡️এই virtual id তো বনাব বাবে, log in কৰাৰ পিছত 'UPI' option তো click কৰক আৰু তাৰপিছত 'manage' option তো click কৰক আৰু তাৰপিছত 'create virtual payment address' তো select কৰক।
➡️আপোনাৰ account number তো enter কৰক, তাৰপিছত 'create new VPA' option তো select কৰক আৰু তাৰপিছত id address তো (যেনে : xyz@bankname) type কৰক আৰু 'submit' option ত click কৰক।
➡️আপুনি আপোনাৰ VPA তো সফলতাৰে সম্পন্ন কৰিলে আৰু এইটো পইচা transaction ৰ বাবে উপলব্ধ হল।

⚫Sending Money using UPI :
➡️আপোনাৰ UPI থকা bank app টোত log in কৰক আৰু UPI option তো select কৰক।
➡️'Pay to virtual payment address' ত click কৰক।
(আপুনি এইটো নিশ্চিত হব যে আপুনি পঠিয়াব লগীয়া মানুহ জনৰ এটা virtual id আছে) ।
➡️Receiver জনৰ virtual id তো enter কৰক লগতে কিমান পইছা পঠিয়াব সেইতো enter কৰক আৰু যিটো bank account ৰ পৰা পঠিয়াব সেইতো enter কৰক।
➡️ইয়াৰ পিছত confirmation screen খন আহিব আৰু আপুনি তাৰপিছত Payment details খিনি ভালকৈ check কৰক আৰু যদি সকলো বোৰ details ঠিকে ঠাকে আছে তেতিয়া 'submit' option তো click কৰক।


⚫The Cost Factor :
⏹UPI য়ে আপোনাৰ পৰা পইচা transaction ৰ বাবদ কোনো ধৰণৰ charge নলয়।

⚫The Limitations :
⏹UPI guidelines ৰ মতে আপুনি ১ লাখলৈ পইচা transaction কৰিব পাৰে। কিন্তু কিছুমান বেংকে ইয়াৰ ক্ষেত্ৰত নিৰ্দিষ্ট additional per day limits নিৰ্ধাৰণ কৰিব পাৰে।

◆ Conclusion:
     সকলোতকৈ সুবিধা জনক transaction ব্যৱস্থা বুলি কলে আমি UPI ৰ কথা এ কব লাগিব যিহেতু UPI ৰ জৰিয়তে আমি charge less online টকা পইচা transfer কৰিব পৰাৰ উপৰি এই UPI ব্যৱস্থা টো 24×7 hour উপলব্ধ হয় নাইবা আজিকালি প্ৰায় সকলোৰে একো একোটা Smart phone থাকে সেই বাবে এই ব্যৱস্থা টো মানুহৰ বহুত জনপ্ৰিয় হৈ পৰিছে ।
UPI IMAGES
UPI DIFFERENT STEPS IN APPS


        ■■তলত আমি UPI ৰ মাধ্যম ব্যৱহাৰ কৰিব পৰা কেইটা মান লেখত লৱ লগীয়া App ৰ Link দিয়া হল আপোন লোকে এইকেইটা ৰ সহায়ত অতি সহজে UPI ৰে টকা পইচা আপোনাৰ বন্ধু বান্ধৱক  
পঠাব পাৰে■■

1.Google Pay          Click here
  আপোনালোকে Google pay ৰ ওপৰৰ link টো ৰে sign up কৰি first upi transaction কৰিলে Sign up Bonus হিচাপে ₹51 টকা আপোনাৰ বেংক account অত লাভ কৰিব ।               

2.Phone Pay        Click here
  আপোনালোকে Phone pay ৰ ওপৰৰ link টো ৰে sign up কৰি first upi transaction কৰিলে Sign up Bonus হিচাপে ₹100 টকা আপোনাৰ Phone Pay wallet ত লাভ কৰিব ।

No comments:

Powered by Blogger.